English
অসফল হোৱা মানেই হাৰি যোৱা নুবুজাই🤗 সহাঁৰি নাপালে নিজৰ ভাল লগা কামবোৰ যে এৰি দিম তেনেকুৱা নহয় জীৱন থাকে মানে ভাল লগা কামবোৰ কৰি যাম আনে গ্ৰহন কৰক বা নকৰক । কোনো মানুহেই সম্পূৰ্ন নহয় গতিকে মোৰ ভাললগা কামবোৰ কৰোতে ভুল হ'বই তাৰ ওপৰত সমালোচনাও হ'ব । মই ভাল লগা বোৰ কৰি যাওঁ কিন্তু কেতিয়াও কব খোজা নাই যে মোৰ বহুত প্ৰতিভা আছে মই বহুত জানো;একো নাজানো কিন্তু সময়বোৰক ব্যস্ত ৰাখিবৰ বাবেই শব্দবোৰৰ মাজত নিজক বিচাৰো 🤗কথা সিমানেই তাতকৈ একো বেছি নহয় ।ভাললগা কামবোৰক বহুতে চাপৰ্ট কৰে সহাঁৰি দিয়ে যাৰ বাবে আৰু এখোজ আগুৱাবলৈ শক্তি পাওঁ ।কিন্তু এনেকুৱা নহয় যে সহাঁৰি নোপোৱাৰ বাবে নিজৰ সপোনবোৰৰ ওচৰত হাৰ মানিম । ©Nikumoni A Laskar
Nikumoni A Laskar
10 Love
এয়া প্ৰেম নেকি ? তোক লগ পোৱাৰ পাছৰেপৰা দুভাগ ৰাতি প্ৰিয় গানতোৰ মাজত বিলিন হৈ পৰা সময়খিনিত তোৰ মুখখনি যে ভাহিঁ উঠে সেয়া বাৰু কি? নিবিড় মূহুৰ্তবোৰত প্ৰিয় বান্ধৱীজনীৰ আগত নজনাকৈ মুখেৰে ওলোৱা তোৰ গুন -গানবোৰ ? অকলশৰীয়া নিবিড় সময়বোৰত প্ৰান খুলি তোৰ আগত অনৰ্গলভাৱে নিৰ্ভয়ে কোৱা কথাবোৰ , তোৰ কাষত এখন্তেক বহি হিয়া উজাৰি দিয়া ক্ষোভবোৰ? এৰা এয়াই হয়তো প্ৰেম ... য'ত থাকে মৰম ভালপোৱা বুজাবুজি । য'ত হৃদয়ৰ ভাষা বুজিবলৈ শব্দ নহয় চকুৰ চাৱনিয়েই যথেষ্ট 😍 য'ত পৰিস্থিতিৰ তাগিদাত মৰমে স্বীকৃতি নাপায়; অথচ কাষত নাথাকিও হৃদয়ত আজীৱন সজীৱ হৈ ৰৈ যায়❣️ @নিতুচপ্ৰিয়া ©Nikumoni A Laskar
7 Love
"এটা মৰমলগা অকঁৰা" তোৰ নিচিনা অকৰা এটাৰ মোৰ জীৱনত খুবেই প্ৰয়োজন❤ এটা মৰমলগা অকৰাৰ ।❤ মোৰ যে প্ৰতিটো কথাতে তই কৰা হিংসাবোৰ মনে মনে মোৰ বহুত ভাল লাগে জান । আৰু তোৰ ফুলা লুচিৰ দৰে সেইমুখখন ? তোৰ আৰে আৰে চাই কিমান সুখি হওঁ সেয়া তই নুবুজিবি। এৰা বুজিবিনো কিয় ? তইতো এটা মৰমলগা অকৰাহে 😘? আজিলৈকেটো বুজিয়ে নাপালি __মই তোক জ্বলাবলৈকে অনহকত কৰা কাজিয়াবোৰৰ আৰঁত থকা মৰমবোৰ ।😍 যেতিয়া তই মোৰ লগত সাধাৰণভাৱে কথা পাত মোৰ ক'বলৈ মন যায় জান ? "কাজিয়া কৰো ব'ল .... ধেই ময়ো যে .....😆 কাজিয়া হ'বলা নিজে নিজে কৰিম বুলি কৰে । নকৰে নহ্ নিজে নিজেহে হৈ যায় আৰু চৱ হয় তোৰ কাৰণে । মনত হে পৰিছে অ .... তোক নহয় পাগল তোৰ লগত কৰা কাজিয়াবোৰ । কিন্তু সময়বোৰ যে ? ©Nikumoni A Laskar
59 View
52 View
You are not a Member of Nojoto with email
or already have account Login Here
Will restore all stories present before deactivation. It may take sometime to restore your stories.
Continue with Social Accounts
Download App
Stories | Poetry | Experiences | Opinion
कहानियाँ | कविताएँ | अनुभव | राय
Continue with
Download the Nojoto Appto write & record your stories!
Continue with Social Accounts
Facebook Googleor already have account Login Here