****** নৈঃশব্দ্যত শব্দৰ মালিতা******
শুনিছানে কেতিয়াবা জীয়া শিলে কন্দা ?
বুজি জানো পোৱা নদীৰ বেদনা?
পৃথিৱীৰো দুখ হয় ,
আকাশ যেতিয়া মেঘাচ্ছন্ন হয় ।
জোনাকত বৰষুণ সৰে ,
এছাটি যদি মলয়া বলে !
গছেও কথা পাতে ।
নিৰৱতাত ঝংকাৰ তোলে ।
মৰমৰ ৰং কি কোৱা ?
বতাহত বৈছে নে চিনাকি সুৱাস ?
প্ৰেমতো প্লাৱন আহে,
উজাগৰী দুখৰ ৰাতিয়ে পাৰ ভাঙে ।
অভিমানে বুকুত ঘৰ সাজে ,
দূবৰিত নিয়ৰকণা সৰে ।
অনুভৱত বুকু কঁপি উঠে--
আজি যদি বৰষুণজাকে
দুয়োকে তিয়াই তোলে !!!
✍️বিনীশা দেৱী
©Binisha
Continue with Social Accounts
Facebook Googleor already have account Login Here