তুমি নিজেই নাজানিবা
কিমান মৰমলগা তুমি !
কেঁকুৰা চুলিৰ লগত তোমাৰ মৰম লগা মুখ,
শেৱালী ফুলৰ দৰে উজ্বল তোমাৰ বগা গাল দুখন ...
গোলাপ পাহিৰ দৰে দুটা ওঁঠ,
নিয়ৰে শুই থকা পাতৰ দৰে
তোমাৰ গোটা গোটা চকু,
আৰু ...আৰু
সেই চকুজুৰিয়ে মোৰ ফালে চালে... আহ ! সেই ক্ষণ !
বুকুত লাগি থকা কলিজাটো ইমান জোৰ জোৰকৈ ধ্প ধ্পাই উঠে যে মই তাক কৈ কৈ ভাগৰি যাওঁ ইমান জোৰকৈ ধ্প ধ্পাই নাথাকিবি অ' কষ্ট পাঁও।কিন্তু সি ৰখাৰ নামেই নলয় ...
কিয় জানা ???
ভয় কৰে , ভয় কৰে সি কোনোবা অজান বাধাই আহি যদি মোৰ পৰা তোমাক কাঢ়ি নিয়ে ! তেতিয়া,কি হ'ব ?কাৰণ,
তুমি জীৱন মোৰ,জীৱনতকৈও ওপৰত তুমি।
আৰু, আমাৰ মাজৰ দূৰত্ব যিমানেই নাথাকক
তুমি যোৱাকালি যেনেকৈ মোৰে আছিলা ,অহাকালিও মোৰেই হ'ব লাগিব।
হ'বানে জান ?
Continue with Social Accounts
Facebook Googleor already have account Login Here