তুমি মোক ভালপোৱা!!!
-তেন্তে তুমি ভালপাব লাগিব চৰাই আৰু পথাৰ
তুমি মোক ভালপোৱা!!
- তেন্তে তুমি ভালপাব লাগিব শেতা মলীন মুখৰ সেই চেহেৰাবোৰক ,
হাত পাতেহি যি এটুকুৰা ৰুটিৰ বাবে,
পৰি ৰয় ফুটপাথৰ থুত নিশাৰ তৰা চাই চাই
তুমি মোক ভালপোৱা!!
- তেন্তে তুমি ভালপাব লাগিব
বাটৰ সেই লেৰেলা ফপৰা ভুকাতুৰ কুকুৰটোকো,
তোমাৰ কি আছে!!
বাতানুকুল গাড়ী, মুৰ তুলিও খিৰিকীখন দেখি নোপোৱা ঘৰ..
নাই , নাই ...মই এইবোৰত এডজাষ্ট নহয়
তুমি কি ভালপোৱা!!
ষ্ট্ৰেইট চুলি, ধুনীয়া দুচকু, কমনীয় ওঁঠ
হাইহিলৰ খটখট...
মই ভালপাওঁ মুকলি আকাশ, মুকলি বতাহ
বেলি ডুবাৰ হেঙুলীয়া,
পানীত খেলা মাছ
বোকামাটি....
ভালপাবলৈ বোলে কোনো চৰ্ত নালাগে,
নালাগে অজুহাত
মই তেওঁক ভালপাম
যি মোৰবাবে ৰাখিব এখন আছুতীয়া আকাশ
যত মই নিজক বিছাৰি পাম ...
পূর্ণিমা
©Simakhi Chamuah🌹
Continue with Social Accounts
Facebook Googleor already have account Login Here