"মন"
--------------------------------
- সীমান্ত মিশ্ৰ
আৰামৰ বাবে মোৰ ওচৰলৈ নাহিবা,
মোৰ বাহু দুটা দুৰ্বল আৰু ধৰি ৰাখিবলৈ অপৰাগ,
মোৰ হৃদয় কঠিন আৰু ভগ্ন,
মোৰ চকু দুটা গভীৰ আৰু ঠাণ্ডা।
জ্ঞানৰ বাবে মোৰ ওচৰলৈ নাহিবা,
মই বাটটো জানো বুলি ধৰি নলʼবা,
তোমাৰ দৰেই মইও হেৰাই গৈছো
ধূসৰ ৰঙৰ এই নিৰাশাৰ দেৱালবোৰত।
শক্তিৰ বাবে মোৰ ফালে নাচাবা,
কাৰণ মোৰ শক্তি বহু আগতেই পলাই গৈছে,
মোৰ সৰি পৰা চকুলোৰ দৰে
মোক এৰি থৈ ।
শুনিবলৈ মোৰ ফালে নাচাবা,
মোৰ কানে শ্ৰৱন ক্ষমতা হেৰুৱাইছে,
অন্তহীন কঠোৰ শব্দৰে মোৰ কান এতিয়া বন্ধ।
হাত আগবঢ়াবলৈ মোৰ ফালে নাচাবা,
দিনৰ পোহৰৰ পৰা আৰু
পৃথিৱীৰ পৰা নিজকে বন্ধ কৰি
মই আঁতৰত লুকাই আছোঁ।
মোৰ ওচৰলৈ সহানুভূতিৰ বাবে নাহিবা,
খালি কাপৰ পৰা ঢালি দিবলৈ
এতিয়া মোৰ এটোপালো তেজ নাই।
উত্তৰ বিচাৰি মোৰ ওচৰলৈ নাহিবা,
কাৰণ মই বুজি নাপাওঁ
জীৱনটো কেনেকৈ ইমান নিষ্ঠুৰ হ’ব পাৰে,
যিয়ে ভগ্ন মানুহক ধ্বংস কৰে।
কোনো কাৰণতে মোৰ ওচৰলৈ নাহিবা,
অনুগ্ৰহ কৰি মোক এৰি দিয়া,
মোৰ অতীতৰ ভুলবোৰ পাহৰি যাওঁ,
মোৰ ভৱিষ্যত অজ্ঞাত হৈ থাকক,
মই বেদনাৰ আড়ম্বৰত লুকাই থাকোঁ,
বিক্ষিপ্ততাই ঔষধ দিয়ক
আৰু মোৰ মনটো মোৰ জীৱনৰ পৰা আঁতৰাই পেলাওক ।
******************
©Simanta
মন