ৰঙীন পৃথিৱী
মুকলি আকাশৰ তলত
নিজান দুপৰীয়া গৈ
সূৰুযৰ পোহৰক সুধিলো
জোনবাই নো কেতিয়া আহিব?
নিশা হলে জোনবাই আহিব
মোৰ পৰা লোৱা পোহৰেৰে
নিশাৰ এন্ধাৰক পোহৰাই তুলিব
তোমাৰ ৰঙীন পৃথিৱীখন ||
তোমাৰ উজ্বল নয়নজুৰি
চাবলৈ অপেক্ষা কৰিম
জোনাকৰ স্নিগ্ধ পোহৰত
উজ্বলি উঠা মিচিকিয়া হাঁহিটিৰে ||
তোমাৰ প্ৰেমত পৰিলো নেকি
জোনবাইৰ কথা শুনি
নে সূৰুযৰ সেই
সৰু অভিমান দেখি ||
👉ৰচিদৰ ৰহমান
Words by Rachidar Rahman