এদিন এটা পাৰহৈ উৰি আহিম
ঠোঁটত কঢ়িয়াই আনিম শস্যৰ সম্ভাৱনা হাঁহি
দুপৰীয়া কাৰোবাক বিচাৰি ৰুণ দি উৰুঙা কৰি দিম আপোনাৰ চুবুৰী
পাখিবোৰ দি দিম শিশুহঁতক চিলাৰ সৈতে উৰিবলৈ আশাৰ আকাশত
মই তেতিয়া আপোনাৰ চোতালত পৰি খুদকন খুটিয়াম
আপোনালৈ চাই উচুপিলে চকু
আপুনি গমেই নাপাব |
এদিন এটা পাৰ হৈ লৈ আনিম শান্তিৰ ৰঙ
হে পৃথিৱী তোমাক এৰি উৰি গ'লে
মই ডেউকা কোবাই দিগন্ত প্ৰসাৰি এদিন এটা পাৰহৈ উৰি আহিম
আপোনাৰ ঘৰৰ মুধত বহি থাকিম গোটেই শুকুৰবাৰ
আপুনি বাৰু মোক চিনি পাবনে ?
©Simakhi Chamuah🌹