আৰাধনা :চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)

"আৰাধনা :চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ) (১৪/০২/২০০৯) আজি তুমি নাই বাবেই আকাশত জোনাকো নাই মাথোঁ সাৰে আছোঁ মই আৰু সাৰে আছে দুচকুৰ সন্মুখত তমসা নিশাৰ বিষাদ স্মৃতি আলোড়ণ আৰাধনা- তোমাক বিদায় দিয়াৰে পৰা দিনবোৰ দেখোন নাযায় ৰাতিবোৰোঁ নুপুৱাই ক্ৰমশঃ বিষণ্ণতাৰ বাটেৰে নামি আহে বিষাদ কলিজাৰ গভীৰতাত উমি উমি জ্বলি উঠে তাৰেই বিষাক্ত প্ৰকাশ হয়তো সেইবাবেই মৌনতাৰে ভৰি পৰে মন আসক্ত হৈ পৰোঁ মই মোৰ জীৱন তথাপিওঁ আছোঁ জীয়াই চকুলোঁৰে মালা গাঁঠি তোমাৰ স্মৃতিবোৰ ৰাখিছোঁ সজাই হয়তো তুমি উভতি আহিবা বুলিয়েই সমাধিৰ সমীপতে গজি উঠা আঁহত জোপাৰ তলত বহি ৰৈ থাকো সদায় কেৱল তোমাকে ধিয়াই..."

 আৰাধনা 
       :চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ) 
                  (১৪/০২/২০০৯)
আজি তুমি নাই বাবেই 
আকাশত 
জোনাকো নাই 
মাথোঁ 
সাৰে আছোঁ মই 
আৰু 
সাৰে আছে 
দুচকুৰ সন্মুখত
তমসা নিশাৰ 
বিষাদ স্মৃতি আলোড়ণ 

আৰাধনা- 
তোমাক বিদায় দিয়াৰে পৰা 
দিনবোৰ দেখোন নাযায় 
ৰাতিবোৰোঁ নুপুৱাই

ক্ৰমশঃ 
বিষণ্ণতাৰ বাটেৰে 
নামি আহে বিষাদ 
কলিজাৰ গভীৰতাত 
উমি উমি জ্বলি উঠে
তাৰেই বিষাক্ত প্ৰকাশ 

হয়তো সেইবাবেই 
মৌনতাৰে ভৰি পৰে মন
আসক্ত হৈ পৰোঁ মই 
মোৰ জীৱন 

তথাপিওঁ 
আছোঁ জীয়াই 
চকুলোঁৰে মালা গাঁঠি 
তোমাৰ 
স্মৃতিবোৰ ৰাখিছোঁ সজাই

হয়তো 
তুমি উভতি আহিবা বুলিয়েই 
সমাধিৰ 
সমীপতে গজি উঠা 
আঁহত জোপাৰ তলত বহি 
ৰৈ থাকো সদায় 
কেৱল তোমাকে ধিয়াই...

আৰাধনা :চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ) (১৪/০২/২০০৯) আজি তুমি নাই বাবেই আকাশত জোনাকো নাই মাথোঁ সাৰে আছোঁ মই আৰু সাৰে আছে দুচকুৰ সন্মুখত তমসা নিশাৰ বিষাদ স্মৃতি আলোড়ণ আৰাধনা- তোমাক বিদায় দিয়াৰে পৰা দিনবোৰ দেখোন নাযায় ৰাতিবোৰোঁ নুপুৱাই ক্ৰমশঃ বিষণ্ণতাৰ বাটেৰে নামি আহে বিষাদ কলিজাৰ গভীৰতাত উমি উমি জ্বলি উঠে তাৰেই বিষাক্ত প্ৰকাশ হয়তো সেইবাবেই মৌনতাৰে ভৰি পৰে মন আসক্ত হৈ পৰোঁ মই মোৰ জীৱন তথাপিওঁ আছোঁ জীয়াই চকুলোঁৰে মালা গাঁঠি তোমাৰ স্মৃতিবোৰ ৰাখিছোঁ সজাই হয়তো তুমি উভতি আহিবা বুলিয়েই সমাধিৰ সমীপতে গজি উঠা আঁহত জোপাৰ তলত বহি ৰৈ থাকো সদায় কেৱল তোমাকে ধিয়াই...

আৰাধনা

#newplace #কবিতা #অসমীয়া_কবিতা #Assamese #AssamesePoem #poem #assamesepoetry #Poet #Poetry

People who shared love close

More like this

Trending Topic