প্ৰেমৰ অভিধান।। ≈===================== তুমিতো নাজ | English Love

"প্ৰেমৰ অভিধান।। ≈===================== তুমিতো নাজানা! তুমি মোৰ হাতে লিখা প্ৰেমৰ অভিধান খনি। মোৰ বাবে প্ৰেমৰ মিঠা ফাগুন তুমি। ক্লান্ত দিনৰ অন্তত হিয়া কঁপাই যোৱা এচাতি মৃদূ বতাহ তুমি। তোমাৰ বাবে হয়তো মুই আজিও অপৰিচিত দুৰ্দান্ত প্ৰেমিকাজনী। হলেও তোমাক এবাৰ ক'ব খোজো....... "ব'লা না একেলগে এবাৰ প্ৰেমত পৰি চাওঁ" ক'ব খোজো- তোমাৰ সান্নিধ্যত আবেলিৰ বেলিটিক আকৌ এবাৰ ভাল পাবলৈ শিকো বুলি। "এটি নিয়ৰ সেমেকা পুৱাৰ প্ৰেমত একেলগে বিলিন হওঁ।" "মাতাল পৃথিৱীৰ শোকৰ সময়বোৰ পাহৰি , এটি সপোনক ভাল পাবলৈ শিকো ব'লা" "এই আত্মকেন্দ্ৰিক পৃথিৱীখনতো, কাৰোবাৰ হাঁহিৰ কাৰণ হওঁ ব'লা।" "কাৰোবাৰ আশীষ আৰু মৰমৰ টোপোলাৰ আত্মসন্তষ্টিৰ পাৰিজাত পাঁহ একেলগে বুটলো ব'লা।" মোৰ বাবে এই প্ৰেম পৃথক আৰু তোমাৰ বাবে থকা অনুভূতিবোৰও। বৰ বিশেষ নহয় , তুমি এটি পুৱাৰ সপোন মোৰ বাবে! যাৰ সার্থকতা হয়তো হয় ৰব এই প্রেয়সীৰ জীৱন তৃষ্ণাৰ এটি অন্যতম অধ্যায়। -Preeti🥰 ©Priti priyam b.kashyap"

 প্ৰেমৰ অভিধান।।
≈=====================

তুমিতো নাজানা!
            তুমি মোৰ হাতে লিখা
            প্ৰেমৰ অভিধান খনি।
 
মোৰ বাবে প্ৰেমৰ মিঠা ফাগুন তুমি।

ক্লান্ত দিনৰ অন্তত
হিয়া কঁপাই যোৱা এচাতি মৃদূ বতাহ তুমি।
তোমাৰ বাবে  হয়তো মুই আজিও
অপৰিচিত দুৰ্দান্ত প্ৰেমিকাজনী।

হলেও তোমাক এবাৰ ক'ব খোজো.......
  "ব'লা না একেলগে এবাৰ প্ৰেমত পৰি চাওঁ"

ক'ব খোজো-
    তোমাৰ সান্নিধ্যত আবেলিৰ বেলিটিক 
    আকৌ এবাৰ ভাল  পাবলৈ শিকো বুলি।

"এটি নিয়ৰ সেমেকা পুৱাৰ 
প্ৰেমত একেলগে বিলিন হওঁ।"

"মাতাল পৃথিৱীৰ শোকৰ সময়বোৰ পাহৰি ,
এটি সপোনক ভাল পাবলৈ শিকো ব'লা"

"এই আত্মকেন্দ্ৰিক পৃথিৱীখনতো,
কাৰোবাৰ হাঁহিৰ কাৰণ হওঁ ব'লা।"

"কাৰোবাৰ আশীষ আৰু মৰমৰ টোপোলাৰ
আত্মসন্তষ্টিৰ পাৰিজাত পাঁহ 
একেলগে বুটলো ব'লা।"

    মোৰ বাবে এই প্ৰেম পৃথক
আৰু তোমাৰ বাবে থকা অনুভূতিবোৰও।

   বৰ বিশেষ নহয় ,
তুমি এটি পুৱাৰ সপোন মোৰ বাবে!
 যাৰ সার্থকতা হয়তো হয় ৰব 
এই প্রেয়সীৰ জীৱন তৃষ্ণাৰ  এটি অন্যতম অধ্যায়।

-Preeti🥰

©Priti priyam b.kashyap

প্ৰেমৰ অভিধান।। ≈===================== তুমিতো নাজানা! তুমি মোৰ হাতে লিখা প্ৰেমৰ অভিধান খনি। মোৰ বাবে প্ৰেমৰ মিঠা ফাগুন তুমি। ক্লান্ত দিনৰ অন্তত হিয়া কঁপাই যোৱা এচাতি মৃদূ বতাহ তুমি। তোমাৰ বাবে হয়তো মুই আজিও অপৰিচিত দুৰ্দান্ত প্ৰেমিকাজনী। হলেও তোমাক এবাৰ ক'ব খোজো....... "ব'লা না একেলগে এবাৰ প্ৰেমত পৰি চাওঁ" ক'ব খোজো- তোমাৰ সান্নিধ্যত আবেলিৰ বেলিটিক আকৌ এবাৰ ভাল পাবলৈ শিকো বুলি। "এটি নিয়ৰ সেমেকা পুৱাৰ প্ৰেমত একেলগে বিলিন হওঁ।" "মাতাল পৃথিৱীৰ শোকৰ সময়বোৰ পাহৰি , এটি সপোনক ভাল পাবলৈ শিকো ব'লা" "এই আত্মকেন্দ্ৰিক পৃথিৱীখনতো, কাৰোবাৰ হাঁহিৰ কাৰণ হওঁ ব'লা।" "কাৰোবাৰ আশীষ আৰু মৰমৰ টোপোলাৰ আত্মসন্তষ্টিৰ পাৰিজাত পাঁহ একেলগে বুটলো ব'লা।" মোৰ বাবে এই প্ৰেম পৃথক আৰু তোমাৰ বাবে থকা অনুভূতিবোৰও। বৰ বিশেষ নহয় , তুমি এটি পুৱাৰ সপোন মোৰ বাবে! যাৰ সার্থকতা হয়তো হয় ৰব এই প্রেয়সীৰ জীৱন তৃষ্ণাৰ এটি অন্যতম অধ্যায়। -Preeti🥰 ©Priti priyam b.kashyap

People who shared love close

More like this

Trending Topic