অস্ত আকাশৰ সূৰুষক সুধিবা মোৰ প্ৰেমৰ পৰিধি কিমান? ৰ | English Poetry

"অস্ত আকাশৰ সূৰুষক সুধিবা মোৰ প্ৰেমৰ পৰিধি কিমান? ৰঙীন ৰেণু আভাৰে বুজাব মোৰ ভাল পোৱাৰ উমান। সাতোৰঙী ৰামধেনুখনক ও সুধি চাবা , তোমাৰ প্ৰতি থকা অনুভূতিবোৰৰ পবিত্ৰতা কিমান? আপ্লুত কৰা ৰঙৰ মেলানিৰে বুজাব ইয়াৰ সৌন্দৰ্য্যতাৰ সমান। বাৰিষাৰ বৰষুণজাকৰ দৰে তুমি ও মোৰ বাবে প্ৰিয়। ফাগুনি পচোৱা জাকৰ দৰে ভাল লাগে তোমাৰ সান্নিধ্য। ভাগৰুৱা আত্মাৰ তুমি এটি মিচিকিয়া হাঁহি। নিৰিবিলি জোনাক নিশাৰ তুমি মোৰ সুখৰ জোনাকি। ভাল লগাৰ এটি পৰিভাষা তুমি। তুমি মোৰ সপোন ৰাগি।⁸ ©Priti priyam b.kashyap"

 অস্ত আকাশৰ সূৰুষক সুধিবা
মোৰ প্ৰেমৰ পৰিধি কিমান?
ৰঙীন ৰেণু আভাৰে বুজাব
মোৰ ভাল পোৱাৰ উমান।

সাতোৰঙী ৰামধেনুখনক ও সুধি চাবা ,
তোমাৰ প্ৰতি থকা অনুভূতিবোৰৰ পবিত্ৰতা কিমান?

আপ্লুত কৰা ৰঙৰ মেলানিৰে বুজাব
ইয়াৰ সৌন্দৰ্য্যতাৰ সমান।

বাৰিষাৰ বৰষুণজাকৰ দৰে
তুমি ও মোৰ বাবে প্ৰিয়।
ফাগুনি পচোৱা জাকৰ দৰে
ভাল লাগে তোমাৰ সান্নিধ্য।

ভাগৰুৱা আত্মাৰ 
তুমি এটি মিচিকিয়া হাঁহি।
নিৰিবিলি জোনাক নিশাৰ
তুমি মোৰ সুখৰ জোনাকি।

ভাল লগাৰ এটি পৰিভাষা তুমি।
তুমি মোৰ সপোন ৰাগি।⁸

©Priti priyam b.kashyap

অস্ত আকাশৰ সূৰুষক সুধিবা মোৰ প্ৰেমৰ পৰিধি কিমান? ৰঙীন ৰেণু আভাৰে বুজাব মোৰ ভাল পোৱাৰ উমান। সাতোৰঙী ৰামধেনুখনক ও সুধি চাবা , তোমাৰ প্ৰতি থকা অনুভূতিবোৰৰ পবিত্ৰতা কিমান? আপ্লুত কৰা ৰঙৰ মেলানিৰে বুজাব ইয়াৰ সৌন্দৰ্য্যতাৰ সমান। বাৰিষাৰ বৰষুণজাকৰ দৰে তুমি ও মোৰ বাবে প্ৰিয়। ফাগুনি পচোৱা জাকৰ দৰে ভাল লাগে তোমাৰ সান্নিধ্য। ভাগৰুৱা আত্মাৰ তুমি এটি মিচিকিয়া হাঁহি। নিৰিবিলি জোনাক নিশাৰ তুমি মোৰ সুখৰ জোনাকি। ভাল লগাৰ এটি পৰিভাষা তুমি। তুমি মোৰ সপোন ৰাগি।⁸ ©Priti priyam b.kashyap

#Red

People who shared love close

More like this

Trending Topic