অলপ অদৰকাৰী
©ঋকশিখা কাশ্যপ
অলপ অদৰকাৰী আছিলো
অলপ মানে তেওঁৰ হৃদয়ে ঢুকিব
নোৱাৰাৰ সমানে ঠিক অলপমান
কিন্তু নিজকে নিসংগ বুলি ভবাৰ ,
সমান অনৰ্গল অদৰকাৰী হৈ
থকাৰ তিক্ততাতকৈ তেওঁৰ দৃষ্টিত
অদৰকাৰী হোৱাটোৱে বৰ বেছি
কষ্ট দিয়া নাছিল |
কিমানখিনি অদৰকাৰী হ'লে
প্ৰতাৰণাৰ তীব্ৰ যাতনাৰ
স্বল্পময়ী বান্ধোনেৰে কাৰোবাক
জীয়াই জীয়াই হত্যা কৰিব পাৰে ?
উত্তৰৰ অপেক্ষা আচলতে নাই
নিস্তব্ধতাই চুই গ'লে কি হ'ব মোৰ
বুলি ভয় কৰা মুগ্ধ হিয়াখন কিমান
অদৰকাৰী জনাৰ আকাংক্ষা নাই |
কিন্তু অচেতন্য সম্ৰাজ্যখনৰ
প্ৰতিটো অলিয়ে-গলিয়ে
মন-মগজুৰ প্ৰত্যেকটো চৰিত্ৰই
ৰাজপথৰ হাহাকাবোৰৰ মাজতো
মোক বাৰাম্বাৰ প্ৰশ্ন কৰে তাৰ সীমনা |
উশাহবোৰক তেতিয়া ফেঁটীসাপ যেন লাগে
তথাপিও নিৰুত্তৰী প্ৰশ্নবোৰৰ উত্তৰ মই জানো
অচেতন্য ৰাজপথটোত থিয় হৈ
চিঞৰি চিঞৰি ক'ব মন যায়
অলমানহে অদৰকাৰী আছিলো !
#Light