আকৌ এবাৰ
মই ভাগৰা নাই
ৰৈছো , দেখিছোঁ আকৌ ভাবিছোঁ
বিচাৰিছো নিজতেই নিজক
হেৰুৱাইছে ৰাস্তাৰ কেঁকুৰীটো
হেৰুৱাইছে পোহৰৰ বেলিকাবোৰ
বহুবাৰ পৰিছো , উঠিছোঁ , আগুৱাইছোঁ ।
বিশ্বাসৰ টোপোলাটো বাৰে বাৰে ভাগিল
হাঁহিবোৰ হেৰাই থাকিল
সেমেকা চকুযুৰি উপচি পৰিল ,
জীৱনে ঘাটে ঘাটে উজুটি খালে
শিকিলে ,
কেউজনৰ পৰা ন ন ঠেকেচাবোৰ
কিন্তু মই ভাগৰা নাই ।
দেখিলো শিকিলোঁ
আজি কেবাদিনৰ পিছত পুনৰাই হাঁহিলো
পুনৰাই নিজতেই জাগিলোঁ
ভগা সপোনৰ টুকুৰাবোৰ বুটলি
আকৌ সাজিলোঁ , এবাৰ আকৌ ৰছিলোঁ ,
কেউজনে দিয়া বিষাদৰ জেউৰাখন
তাহানিয়েই ভাগিলোঁ , এৰিলো
চকুপানীবোৰ কেতিয়াবাই হেৰুৱালোঁ
অহ মই ভাগৰা নাই
মাথো ৰৈছো , দেখিছোঁ আকৌ ভাবিছোঁ
উঠিছোঁ , আকৌ আগুৱাইছোঁ ,
আকৌ আগুৱাইছোঁ ।।
#RIPHUMANITY #অসমীয়া_কবিতা #sadpoem