তাইজনী সংগ্ৰামী জীৱনৰ পথটোত কেঁচা কেঁচা খোজবোৰৰ | हिंदी कविता

"তাইজনী সংগ্ৰামী জীৱনৰ পথটোত কেঁচা কেঁচা খোজবোৰৰ সতে আধাভগা সপোনবোৰ দুমুঠিত বান্ধি , আগুৱাই যায় অচিনাকি পথটিত , তথাপি ওলমি থাকে নিভাঁজ দুওঁঠৰ বাকৰিত তাইৰ মিঠা হাঁহিটো । তাইৰ মন মন্দিৰৰ দুৱাৰদলিত সঁজাইছে এখনি সুগন্ধি ফুলৰ বাগিচা , যত প্ৰতিদিনেই থাকে পখিলা ভোমোৰা , ইয়াতে থাকে তাইজনী উমলী নিঃসংগতাৰ পৰা আঁতৰি । সুখত সুখী , বিষাদত চকুপানী আকৌ কষ্টত আগুৱাই দিয়ে সহায়ৰ হাতখনি , অহ সেইবাবেই ভাল লাগে তাইজনীক । অহ মই সৌভাগ্যজনৰ গৰাকী নিচেই ওচৰত পাই তাইজনীক তাইৰ মৌ বৰষা দুওঠৰ পৰশত , প্ৰাণ পাই উঠা প্ৰতিটো কথাই , চুই যায় মোৰ হিদয় , শিকাই যায় জীৱনৰ মাদকতা । অহ সেইবাবেই ভাল লাগে তাইজনীক , অহ বৰ ভাল লাগে , ঐ তাইজনী , নহবা সলনি , নাযাবা কেতিয়াও আঁতৰি ।। ✍️অংকুৰ"

 তাইজনী 

সংগ্ৰামী জীৱনৰ পথটোত
কেঁচা কেঁচা খোজবোৰৰ সতে
আধাভগা সপোনবোৰ দুমুঠিত বান্ধি ,
আগুৱাই যায় অচিনাকি পথটিত ,
তথাপি ওলমি থাকে 
নিভাঁজ দুওঁঠৰ বাকৰিত 
তাইৰ মিঠা হাঁহিটো ।

তাইৰ মন মন্দিৰৰ দুৱাৰদলিত
সঁজাইছে এখনি 
সুগন্ধি ফুলৰ বাগিচা ,
যত প্ৰতিদিনেই থাকে 
পখিলা ভোমোৰা , 
ইয়াতে থাকে তাইজনী উমলী 
নিঃসংগতাৰ পৰা আঁতৰি ।

সুখত সুখী , বিষাদত চকুপানী 
আকৌ কষ্টত আগুৱাই দিয়ে 
সহায়ৰ হাতখনি , 
অহ সেইবাবেই ভাল লাগে তাইজনীক ।

অহ মই সৌভাগ্যজনৰ গৰাকী 
নিচেই ওচৰত পাই তাইজনীক 
তাইৰ মৌ বৰষা দুওঠৰ পৰশত , 
প্ৰাণ পাই উঠা প্ৰতিটো কথাই ,
চুই যায় মোৰ হিদয় , 
শিকাই যায় জীৱনৰ মাদকতা ।

অহ সেইবাবেই ভাল লাগে তাইজনীক ,
অহ বৰ ভাল লাগে , 
ঐ তাইজনী , নহবা সলনি , 
নাযাবা কেতিয়াও আঁতৰি ।।

                  ✍️অংকুৰ

তাইজনী সংগ্ৰামী জীৱনৰ পথটোত কেঁচা কেঁচা খোজবোৰৰ সতে আধাভগা সপোনবোৰ দুমুঠিত বান্ধি , আগুৱাই যায় অচিনাকি পথটিত , তথাপি ওলমি থাকে নিভাঁজ দুওঁঠৰ বাকৰিত তাইৰ মিঠা হাঁহিটো । তাইৰ মন মন্দিৰৰ দুৱাৰদলিত সঁজাইছে এখনি সুগন্ধি ফুলৰ বাগিচা , যত প্ৰতিদিনেই থাকে পখিলা ভোমোৰা , ইয়াতে থাকে তাইজনী উমলী নিঃসংগতাৰ পৰা আঁতৰি । সুখত সুখী , বিষাদত চকুপানী আকৌ কষ্টত আগুৱাই দিয়ে সহায়ৰ হাতখনি , অহ সেইবাবেই ভাল লাগে তাইজনীক । অহ মই সৌভাগ্যজনৰ গৰাকী নিচেই ওচৰত পাই তাইজনীক তাইৰ মৌ বৰষা দুওঠৰ পৰশত , প্ৰাণ পাই উঠা প্ৰতিটো কথাই , চুই যায় মোৰ হিদয় , শিকাই যায় জীৱনৰ মাদকতা । অহ সেইবাবেই ভাল লাগে তাইজনীক , অহ বৰ ভাল লাগে , ঐ তাইজনী , নহবা সলনি , নাযাবা কেতিয়াও আঁতৰি ।। ✍️অংকুৰ

#depression #assamese_poem
#অসমীয়া_কবিতা

People who shared love close

More like this

Trending Topic