শব্দৰ প্ৰেমতো জানো কোনোবাই পৰিব পাৰে
সুৰৰ ভাজতো জানো কোনোবাই নিজকে হেৰাব পাৰে
বৰষা , যাৰ নামতে মৌ বৰখে
জানেনে বা , আপোনাৰ সুৰতো মধু বিয়পে ,
আপোনাৰ যাদুকৰী কণ্ঠ
আৰু মৌ বৰষা সুৰৰ পৰখে
যেন কঢ়িয়াই আনে চেঁচা সমীৰণজাক
যেন ফুলি উঠে হেজাৰ মৰহা গোলাপ ।
জানেনে , আপোনাৰ সুৰে কঢ়িয়াই আনিব পাৰে
আবেলিৰ সাঁতোৰঙি ৰামধেনু
বিয়পাই পেলাব পাৰে সুগন্ধি বকুলৰ আমোলমোল ।
গোটেই দিনটোৰ ভাগৰীয়া শৰীৰটো লৈ
মাজনীশাৰ সময়কণত ,
আপোনাৰ সুৰৰ পৰশ
থাকিম তোমাৰ সতে সুখত মৰিলেও ভোকত...
উফ..... পলকতে যেন ভাগৰবোৰ হেৰাই পৰে
আকৌ এবাৰ প্ৰেমত পৰো আপোনাৰ সুৰৰ ।
মোৰ দৰেই হয়তো শতজনে হেৰাই পৰে
আপোনাৰ সুৰৰ ভাজে ভাজে
মোৰ দৰেই হয়তো সিহতবোৰৰো বিচাৰি পায়
আপোনাৰ কণ্ঠত
মাদকতা নিভাজ প্ৰেমৰ ।
বৰষা বা ,
আপোনাৰ ৰূপৰ বাখ্যাত মই শব্দহীন
শৰতৰ শেৱালি আপুনি ,
আপুনি জোনাকৰ জোনাকী
বসন্তত কেতেকীৰ মাতত প্ৰাণ পাই উঠা
কোমলীয়া কপৌপাহ আপুনি ।
অন্তত আপোনালৈ বুলি মোৰ নীৰৱ হৃদয়ৰ পৰা
অলেখ মৰম ,
ঘোৰ অমাবৈশ্যৰ বুকুত আপোনাৰ সুৰে
আগলৈও পোহৰ সিঁচক,
মুগ্ধ কৰি যাওক সকলোকে
আপোনাৰ সুৰৰ মৃদুজাকেৰে ।।
আপোনাৰ বহুত ডাঙৰ অনুৰাগী
অংকুৰ.....
©Ankur
#Dark