শব্দৰ প্ৰেমতো জানো কোনোবাই পৰিব পাৰে সুৰৰ ভাজতো জ | हिंदी कविता

"শব্দৰ প্ৰেমতো জানো কোনোবাই পৰিব পাৰে সুৰৰ ভাজতো জানো কোনোবাই নিজকে হেৰাব পাৰে বৰষা , যাৰ নামতে মৌ বৰখে জানেনে বা , আপোনাৰ সুৰতো মধু বিয়পে , আপোনাৰ যাদুকৰী কণ্ঠ আৰু মৌ বৰষা সুৰৰ পৰখে যেন কঢ়িয়াই আনে চেঁচা সমীৰণজাক যেন ফুলি উঠে হেজাৰ মৰহা গোলাপ । জানেনে , আপোনাৰ সুৰে কঢ়িয়াই আনিব পাৰে আবেলিৰ সাঁতোৰঙি ৰামধেনু বিয়পাই পেলাব পাৰে সুগন্ধি বকুলৰ আমোলমোল । গোটেই দিনটোৰ ভাগৰীয়া শৰীৰটো লৈ মাজনীশাৰ সময়কণত , আপোনাৰ সুৰৰ পৰশ থাকিম তোমাৰ সতে সুখত মৰিলেও ভোকত... উফ..... পলকতে যেন ভাগৰবোৰ হেৰাই পৰে আকৌ এবাৰ প্ৰেমত পৰো আপোনাৰ সুৰৰ । মোৰ দৰেই হয়তো শতজনে হেৰাই পৰে আপোনাৰ সুৰৰ ভাজে ভাজে মোৰ দৰেই হয়তো সিহতবোৰৰো বিচাৰি পায় আপোনাৰ কণ্ঠত মাদকতা নিভাজ প্ৰেমৰ । বৰষা বা , আপোনাৰ ৰূপৰ বাখ্যাত মই শব্দহীন শৰতৰ শেৱালি আপুনি , আপুনি জোনাকৰ জোনাকী বসন্তত কেতেকীৰ মাতত প্ৰাণ পাই উঠা কোমলীয়া কপৌপাহ আপুনি । অন্তত আপোনালৈ বুলি মোৰ নীৰৱ হৃদয়ৰ পৰা অলেখ মৰম , ঘোৰ অমাবৈশ্যৰ বুকুত আপোনাৰ সুৰে আগলৈও পোহৰ সিঁচক, মুগ্ধ কৰি যাওক সকলোকে আপোনাৰ সুৰৰ মৃদুজাকেৰে ।। আপোনাৰ বহুত ডাঙৰ অনুৰাগী অংকুৰ..... ©Ankur"

 শব্দৰ প্ৰেমতো জানো কোনোবাই পৰিব পাৰে 
সুৰৰ ভাজতো জানো কোনোবাই নিজকে হেৰাব পাৰে
বৰষা , যাৰ নামতে মৌ বৰখে 
জানেনে বা , আপোনাৰ সুৰতো মধু বিয়পে ,
আপোনাৰ যাদুকৰী কণ্ঠ 
আৰু মৌ বৰষা সুৰৰ পৰখে 
যেন কঢ়িয়াই আনে চেঁচা সমীৰণজাক
যেন ফুলি উঠে হেজাৰ মৰহা গোলাপ ।

জানেনে , আপোনাৰ সুৰে কঢ়িয়াই আনিব পাৰে 
আবেলিৰ সাঁতোৰঙি ৰামধেনু 
বিয়পাই পেলাব পাৰে সুগন্ধি বকুলৰ আমোলমোল ।

গোটেই দিনটোৰ ভাগৰীয়া শৰীৰটো লৈ 
মাজনীশাৰ সময়কণত ,
আপোনাৰ সুৰৰ পৰশ 
থাকিম তোমাৰ সতে সুখত মৰিলেও ভোকত...
 উফ..... পলকতে যেন ভাগৰবোৰ হেৰাই পৰে 
 আকৌ এবাৰ প্ৰেমত পৰো আপোনাৰ সুৰৰ ।

মোৰ দৰেই হয়তো শতজনে হেৰাই পৰে 
আপোনাৰ সুৰৰ ভাজে ভাজে 
মোৰ দৰেই হয়তো সিহতবোৰৰো বিচাৰি পায় 
আপোনাৰ কণ্ঠত 
মাদকতা নিভাজ প্ৰেমৰ । 

বৰষা বা , 
আপোনাৰ ৰূপৰ বাখ্যাত মই শব্দহীন
শৰতৰ শেৱালি আপুনি , 
আপুনি জোনাকৰ জোনাকী 
বসন্তত কেতেকীৰ মাতত প্ৰাণ পাই উঠা 
কোমলীয়া কপৌপাহ আপুনি । 

অন্তত আপোনালৈ বুলি মোৰ নীৰৱ হৃদয়ৰ পৰা
অলেখ মৰম , 
ঘোৰ অমাবৈশ্যৰ বুকুত আপোনাৰ সুৰে
আগলৈও পোহৰ সিঁচক, 
মুগ্ধ কৰি যাওক সকলোকে 
আপোনাৰ সুৰৰ মৃদুজাকেৰে ।।  

                            আপোনাৰ বহুত ডাঙৰ অনুৰাগী 
                                অংকুৰ.....

©Ankur

শব্দৰ প্ৰেমতো জানো কোনোবাই পৰিব পাৰে সুৰৰ ভাজতো জানো কোনোবাই নিজকে হেৰাব পাৰে বৰষা , যাৰ নামতে মৌ বৰখে জানেনে বা , আপোনাৰ সুৰতো মধু বিয়পে , আপোনাৰ যাদুকৰী কণ্ঠ আৰু মৌ বৰষা সুৰৰ পৰখে যেন কঢ়িয়াই আনে চেঁচা সমীৰণজাক যেন ফুলি উঠে হেজাৰ মৰহা গোলাপ । জানেনে , আপোনাৰ সুৰে কঢ়িয়াই আনিব পাৰে আবেলিৰ সাঁতোৰঙি ৰামধেনু বিয়পাই পেলাব পাৰে সুগন্ধি বকুলৰ আমোলমোল । গোটেই দিনটোৰ ভাগৰীয়া শৰীৰটো লৈ মাজনীশাৰ সময়কণত , আপোনাৰ সুৰৰ পৰশ থাকিম তোমাৰ সতে সুখত মৰিলেও ভোকত... উফ..... পলকতে যেন ভাগৰবোৰ হেৰাই পৰে আকৌ এবাৰ প্ৰেমত পৰো আপোনাৰ সুৰৰ । মোৰ দৰেই হয়তো শতজনে হেৰাই পৰে আপোনাৰ সুৰৰ ভাজে ভাজে মোৰ দৰেই হয়তো সিহতবোৰৰো বিচাৰি পায় আপোনাৰ কণ্ঠত মাদকতা নিভাজ প্ৰেমৰ । বৰষা বা , আপোনাৰ ৰূপৰ বাখ্যাত মই শব্দহীন শৰতৰ শেৱালি আপুনি , আপুনি জোনাকৰ জোনাকী বসন্তত কেতেকীৰ মাতত প্ৰাণ পাই উঠা কোমলীয়া কপৌপাহ আপুনি । অন্তত আপোনালৈ বুলি মোৰ নীৰৱ হৃদয়ৰ পৰা অলেখ মৰম , ঘোৰ অমাবৈশ্যৰ বুকুত আপোনাৰ সুৰে আগলৈও পোহৰ সিঁচক, মুগ্ধ কৰি যাওক সকলোকে আপোনাৰ সুৰৰ মৃদুজাকেৰে ।। আপোনাৰ বহুত ডাঙৰ অনুৰাগী অংকুৰ..... ©Ankur

#Dark

People who shared love close

More like this

Trending Topic